1

বামন আৰু বলি কুইজ

অ’নাম কেৰালাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ। এই উৎসৱ সকলো ধৰ্মীয় সম্প্রদায়ৰ লোকৰ দ্বাৰা উদযাপন কৰা হয়। ইয়াৰ উৎপত্তি বামন অৱতাৰৰ লগত জড়িত। ভগৱান বিষ্ণুৰ মানৱ বা অৰ্ধমানৱ হিচাপে আবিৰ্ভাৱ হোৱা অৱতাৰসমূহৰ ভিতৰত বামন অৱতাৰ অন্যতম । ইয়াত তেওঁ কোনো অস্ত্ৰ ব্যৱহাৰ নকৰি ধৰ্ম প্ৰতিষ্ঠা কৰে । এই অৱতাৰটো জনপ্ৰিয় আৰু প্ৰাচীন। ইয়াৰ উল্লেখ মহাভাৰত, মহাভাষ্য আৰু বৌদ্ধ গ্রন্থতো পোৱা যায়।
এই কুইজত আমি বামন আৰু বলিৰ বিষয়ে ১২টা ৰোমাঞ্চকৰ তথ্য জানিম।
বলিৰ পূর্বজ/পূৰ্বপুৰুষ কোন?
বলিক প্ৰতাৰণা কৰা হৈছিল নেকি? নে তেওঁ জানি-বুজি ভগৱান বিষ্ণুক সকলো অৰ্পণ কৰিছিল? বলিৰ লগত কৃষ্ণৰ সম্পৰ্ক কেনেকৈ? এই কুইজ বামন পুৰাণৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, অন্য ধৰণে উল্লেখ কৰা হোৱা নাই । ৫ জন ভাগ্যৱান কুইজ অংশগ্ৰহণকাৰীয়ে উপহাৰ হিচাপে লাভ কৰিব বিবেক দেৱৰায়ৰ ভগৱদ্/ভাগৱত গীতা ।।

বলিৰ পূৰ্বপুৰুষ কোন আছিল?

বামন অৱতাৰৰ প্ৰাচীনতম মূল আখ্যান কোন গ্ৰন্থত পোৱা যায়?

বলি এজন অসুৰ হোৱা সত্ত্বেও কোনে তেওঁৰ ৰাজ্যত প্ৰবেশ কৰিছিল?

বামনৰ জন্ম হৈছিল ঋষি কাশ্যপ আৰু অদিতিৰ ঘৰত। আন আরু কোনে তেওঁলোকৰ তাতে জন্ম লৈছিল?

বলিৰ গুৰুৱে তেওঁক বিষ্ণুলৈ কোনো ধৰণৰ অৰ্পণ নকৰিবলৈ উপদেশ দিলে । তেওঁ কোন আছিল?

বালিৰ ভাব কি আছিল যেতিয়া তেওঁ বামনক সুধিছিল যে তেওঁ তেওঁক কি আগবঢ়াব পাৰে?

বামনে নিজৰ বিশাল খোজত যি ৰূপ লয় তাৰ নাম কি?

বামনে তৃতীয় পদ থব বিচৰাত বলিৰ পুত্ৰ বানে বামনৰ লগত কথা পাতে। তেওঁ কি কয়?

বিষ্ণুৱে তিনিটা পদক্ষেপ লোৱাৰ পিছত বলিক কি প্ৰদান কৰে?

বামন অৱতাৰৰ লগত কুৰুক্ষেত্ৰৰ এটা গুৰুত্বপূৰ্ণ সম্বন্ধ আছে । তাত কোনটো অনুষ্ঠান হৈছিল?

ভাৰতৰ এটা প্ৰধান উৎসৱৰ তৎক্ষণাৎ পাছত বলিক স্মৰণ কৰা হয়। সেই প্ৰধান উৎসৱটো কোনটো?

বৌদ্ধ পৰম্পৰাতো বলিৰ কাহিনী বৰ্ণনা কৰা হৈছে আৰু তেওঁ এজন জ্ঞানী ব্যক্তি বুলি উল্লেখ আছে। ইয়াত বলিক কেনেকৈ দৰ্শাইছে ?”

বাহিৰ হওক

How did you like this quiz?

Get quiz links

We will send you quiz links at 6 AM on festival days. Nothing else 

Opt In