হাছ্ৰত মহানি এজন ৰহস্যময় ব্যক্তিত্বৰ অধিকাৰী আছিল – বহুতো কৃতিত্ব থাকিলেও তেওঁক স্মৰণ কৰা নগৈছিল। তেওঁ এজন ৰাষ্ট্ৰবাদী আছিল, বহুতে ‘ইনকিলাব জিন্দাবাদ’ শ্লোগানটোৰ উৎস তেওঁ বুলিয়ে ধৰে। তেওঁ এজন কমিউনিষ্ট আছিল আৰু ভাৰতত এই দলৰ প্ৰতিষ্ঠাতা আছিল। তেওঁ এজন ছুফী মুছলিম পণ্ডিত আছিল যাৰ উপাধি আছিল ‘মৌলানা’। তেওঁ ভাৰত বিভাজনৰ বিৰুদ্ধে জিন্নাহৰ নিৰ্দেশ উলংঘন কৰাৰ উপৰিও গণ পৰিষদৰ বয়কট নকৰা এজন মুছলিম লীগৰ সদস্য আছিল।
তেওঁ ঊৰ্দু আৰু অৱধিৰ মিশ্ৰিত ভাষাত, যাক তেওঁ ‘ভাষা’ বুলি কৈছিল, কৃষ্ণক উৎসৰ্গা কৰি ভক্তিমূলক কবিতা লিখিছিল। ইয়াত তেওঁ গঙ্গা-যমুনা অঞ্চলৰ মুছলিম ভক্তি কবিসকলৰ পদাঙ্ক অনুসৰণ কৰিছিল, যি ধাৰা ৰহিমৰ পৰা আৰম্ভ হৈছিল।
তেওঁ লিখিছিল –
“কুচ হাম কো ভী ‘আতা হো কি ঐ হাজৰত-ই-কৃষ্ণ, ইকলীম-ই-ইশ্ক আপ কে জেৰ-ই-কদম হে খাছ, হাছ্ৰত কি ভী কুবূল হো মথুৰা মে হাজিৰী, শুনতে হেঁ ‘আশিকোঁ পে তোমহাৰা্ কৰম হে খাছ”
অৰ্থাৎ –
“শ্ৰদ্ধেয় কৃষ্ণ, মোকো কিবা দিয়া হওক, কাৰণ আপোনাৰ পাদপদ্মত সকলো প্ৰেমৰ সাম্ৰাজ্য অৱস্থিত। মথুৰাত মোকো হাজিৰ হোৱাৰ অনুমতি দিয়ক – মই শুনিছোঁ আপুনি বিশেষকৈ সকলো প্ৰেমিকৰ ওপৰত দয়া কৰে।”
উইকিমিডিয়াৰ ছবিখনত ১৯৪৯ চনত হাছ্ৰত মহানি আৰু আম্বেদকাৰক একেলগে দেখা গৈছে।
উৎস: চি.এম. নাঈম, ‘কৃষ্ণক প্ৰেম কৰা মৌলানা’, EPW এপ্ৰিল ২০১৩